LNCrawler

কথোপকথন -৬(-ধীৰাজ কলিতা )

কথোপকথন — www.xahitya.org · All chapters

কথোপকথন -৬(-ধীৰাজ কলিতা )

বিভুতিৰ গাড়ী একচিডেন্ট | সোঁ-ভৰি আৰু মুখমণ্ডলত অপাৰেঅচন | ২০ দিনচিকিত্সালয়ত মৄত্যু যন্ত্ৰনা ভোগ কৰা পিছত অৱশেষত যেনিবা হস্পিতালকৰ্ত্তৄপক্ষই ঘৰলৈ অহাৰ অনুমতি দিলে | এমাহ পিছত আকৌ চেক-আপ | শৰীৰৰ অৱস্থাআগতকৈ বহু পৰিমাণে উন্নত যদিও জুলীয়া খাদ্যৰ বাহিৰে বেলেগ একো চোবাই খাবনোৱাৰে | মুখ খন মেলিলেই চিলাই ফাটি যোৱাৰ ভয় | ৰাস্তাত প্ৰচণ্ডযান-যট | এম্বুলেন্স খন আহি পাওতে সন্ধিয়াই হল | এম্বুলেন্স খন পোনে পোনেআগচোতালত ৰখাইছে | পদূলিত চুবুৰীয়াৰ ভিৰ |

–“ খবৰটো শুনাৰ দিনা খন মোৰ বুকুখন চিৰিংকৈ গৈছিল | অৱশেষত কনা গোসাই চকু মেলি চালে আৰু |”

–“ মোৰ আকৌ সিদিনাখন ৰাতি টোপনিয়ে নাই | বোৱাৰী আৰু মাইনাজনীলৈহে বেয়া লাগে “ –“ ধেত্ , হস্পিতালৰ পৰা আহিলেই দেখোন | কিনো আপুনি অমংগলীয়া কথাবোৰ কৈ আছে |” বিভুতিৰ ভায়েক আৰু বন্ধুজনে দুবাহুত ধৰি লাহে লাহে নি তেওক মুল ঘৰৰ বিছনাতশুৱাই থলে | ইমান বিপদৰ মাজতো যেন ঘৰত এটা ক্ষীন আনন্দ | হস্পিতালত থাকিলেএটা অযথা টেনশ্বন | বেমাৰীৰ লগতে পৰিয়ালৰ বাকী লোকৰো খোৱা-বোৱা , শোৱা একোৰেঠিক ঠাক নাথাকে | পিছদিনাখনে বিভুতিৰ খুড়শালী আৰু ভাগিনি জনীকমাতি পঠিয়ালে | ঘৰ খন চোৱা-চিতা কৰিবলৈ মাথো শ্ৰীমতী | ঘৰৰ কাম কাজেচম্ভালিব , মানুহজনকে শুশ্ৰুষা কৰিব নে যোৱা ২০ দিনৰ নিজৰ টোপনিয়ে মাৰিব | ইহতদুজনী অহা হেতেন ভাল আছিল | খবৰ লব অহা আলহীক অন্তঃত চাহ-তামোলৰে অপ্যায়নকৰিব পাৰিব |

ddf555ccbb76d25c345adae51d8452d3.jpg –“ ড্ৰাইভাৰে মদ খাইছিল হবলা ?’

–“ নাই , নাই | মোৰ দাদাৰ বন্ধুজনে চলাইছিল “ –“ কাকনো আজিকালি বিশ্বাস কৰিবা ? সুবিধা বুজি কোনে কেতিয়া এটুপি গিলিআহে কোনেও গম নাপায় | এতিয়া নিজেও মৰিলে আনৰো জীৱন ঘুনীয়া কৰিলে “ –“ নহয় নহয় | তেওক মইও ভালদৰে জানো |”

–“ শুনিছো , আগতেও সি দুবাৰ মান গাড়ী একচিডেন্ট কৰিছিল ?” গোটেই ৰাতি বিভুতিৰ টোপনি নাই | পুৱতি নিশা জিল মিলকৈ অকনমান আহিছিল টোপনি , এওলোকৰ কথাৰ কটাকটিত বিভুতি সাৰ পালে | শ্ৰী মতীৰ ভিতৰি ভিতৰি খং | কিনোমানুহবোৰে একেখিনি কথাকে পাগুলি থাকে , শুনি শুনি বিৰক্তি লাগিছে আৰু | একচিডেন্টৰ কথা বিভুতিৰ কানত পৰিলে তেওৰ সিদিনাৰ সেই মুহুৰ্ত্ততলৈ মনত পৰিযায় | গাড়ী চলোৱা বন্ধুজনৰটো খবৰেই নাই | পৰিয়ালৰ লোকে আই.চি.ইউত থকা বুলিসান্ত্বনাহে দিছে | এজনৰ পিছত এজন খবৰ লওতা | মানুহবোৰেও যেনিবা গৰমচাহ , বিস্কুত , তামোল চোবাই চোবাই বেমাৰী জনৰ মুখৰ পৰাহে শুনিববিছাৰে , একেবাৰে আচল খবৰটো পোৱাৰ আশা | কোনটো কেকুৰিত একচিডেন্ট হৈছিল , কি ৰঙৰগাড়ীয়ে খুন্দিয়াইছিল , আগতে সেইটো ৰাস্তাত ড্ৰাইভাৰজনে গাড়ী চলাইছিল নেনাই……………..ইত্যাদি অপ্ৰয়োজনীয় কথা | বিভুতিৰ মুখত বেণ্ডেজ লাগি থকা দেখিছেই | তথাপিও নোকোৱাকে থাকিব নোৱাৰিলে…… –“ এহ | মইও লৰা ঢপৰাকে আহিলো | আপেল-আঙুৰ কিবা এটা আনিবপাৰিলোহেতেন , বজাৰত নোসোমোৱাকৈ স্কুলঘৰৰ ৰাস্তাটোৰে চিধা-চিধিকৈ এইখিনিপালোহি “ এনেতে সম্বন্ধীয় খুড়াক-খুড়ীয়েক আহি কোঠাটোত বহিলহি | বিভুতিয়ে মাথো চকু দুটা মেলিলে মানুহবোৰ চিনিব পাৰে | মাজে মাজে ওঠৰ ভিতৰেইমিচিকি হাহি এটা মাৰে , ইকাটি-সিকাটি কৰিবলৈ সুস্থ নহয় তেও |

–“ কোন খন হস্পিতালত ৰাখিছিলা ?’ শ্ৰীমতীৰ খং | যোৱা ২০ দিনে হস্পিতালত কেকাই থাকিলে , মৰমৰ খুড়াকজনে আকৌ গমেই নাপায় কোন হস্পিতালত আছিল | ভাতিজাৰ মৰম দেখিছো আৰু |

–“ জি.এম.চিত “ –“ তোমালোকে আৰু গোটেই চহৰ খনত হস্পিতাল নাপালা ?”

–“ নাই মানে , সিদিনাখন ওচৰৰ গাওখনৰ মানুহ কেইজনমানে জি.এম.চিতে ভৰ্ত্তিকৰালে | আৰু তাতেই অপাৰেচন কৰিব পৰা হব বুলি কোৱাত বেলেগলৈ নিয়াৰ কথানাভাবিলো আৰু |

–“ বেমাৰ আজাৰৰ লগত টকা-পইচাৰ কথা ভাৱি লাভ নাইজি.এম.চিত দেখুৱাতকৈ কোনোবা গাওৰ বেজ এজনক দেখুৱাও ভাল | সেই হেড মাষ্টৰৰলৰাজনৰ কথা শুনা নাই হবলা ? জি.এম.চিত অপাৰেচন কৰি অনাৰ ২ মাহ পিছতো যি ভঙাহাড , ভঙা হৈয়ে থাকিল | জি.এম.চি ৰেনেকুৱা কিমান উদাহৰন লাগে তোমাক ?” সেই মুহুৰ্ত্তত শ্ৰী মতীয়ে খুড়াকৰ মুখৰ পৰা তেনেকুৱা ধৰনৰ কথা শুনিবলৈ অকনোসাজু নাছিল | তেও মনত দুখ: পালে কথাবোৰ শুনি | ৰাতি শোৱাৰ সময়ত মনে মনে কথাএটা ভাবিলে | বিভুতিৰ ভায়েকৰ কেমেৰা থকা মোবাইলটোত ৰেকৰ্ডিও হয় | কাইলে গোটেইঘটনাটোৰ আটি০গুৰি মাৰি ৰেকৰ্ডিং কৰিব | কেনেকে একচিডেন্ট হল , কত হল , হস্পিতালত নিয়াৰে পৰা আৰম্ভ কৰি কিমান খৰছ পৰিলে , শহুৰেকৰ ঘৰৰ পৰা কোন কোনআহিছিল খবৰ লবলৈ……..ইত্যাদি | তাৰ পিছত কোনোবাই কিবা প্ৰশ্ন সুধিলে কমনপৰক বা নপৰক মোবাইলত থকা সেই ৰেকৰ্ডিটো বজাই শুনাব |

কথোকথন -৭

বিভুতিয়ে গুৱাহাটীত যাওতে কাছাৰীত কাকলিৰ দেউতাকক দেখি পালে |শেষৰ বাছ খনকোনোমতে ধৰিঘৰত নোসোমাকৈয়ে বাহিৰে বাহিৰে স্কুলঘৰৰ বিহু প্ৰেকটিচলৈ গল সি |কাকলি,পঢ়া শুনাত কেচা হলেও নাছ-গান,দেখাই শুনাই কি চাব ? গাওৰ প্ৰায় ডেকালৰাৰে সপোন |গাওত নতুনকৈ অহা ডাক্তৰ জনৰ লগত কাকলি প্ৰেমৰ কথা বু-বাওলাইছে |মাক দেউতাকৈও ডাক্তৰ জনক গতাই দিব পাৰিলে এক প্ৰকাৰ আজৰি |ঘৰতধুনীয়া গাভৰু থাকিলে মাক-দেউতাকৰ চিন্তাৰশেষ নাই |বিহু প্ৰেকটিচত বিপুলক লগ পাই বিভুতিয়ে কলে

–আজি কাকলিৰ বাপেকক কাছাৰীত দেখিলো |

–তাতে কি হল ?

–আৰে সেই ডাক্তৰ জনৰ লগত তাইৰ “কোৰ্ট মেৰেজৰ’ কথা আলোচনা কৰিব গৈছে হবলা |

–ধেত্ তেৰি,তয়ো যে এজন |বাপেকক দেখিলি কাছাৰীত,কাকলিৰ “কোৰ্ট মেৰেজ”ৰ কথা কেনেকে আহিল ?বেলেগ কামতো যাব পাৰে

–অ,সেইটো হয় পিছে |মই কিন্তু কোনো উকিলৰ লগত দেখা নাই ,মেঘদূত ভৱনৰ সন্মুখতহে থিয় হৈ থকা দেখিলো |

–হে হে |তোৰ নহব আৰু |তোৰ অন্তৰতো কাকলিয় সোমাইছে যেন পাও |

বিহুৰ ৰিহাৰ্চেল শেষ কৰি যাওতে বজাৰত বিপুলে বিনয়ক লগ পাই সুধিলে

–আৰে,কাকলিৰ কথা শুনিছা নেকি ?

–নাই দেখোন |একো শুনা নাই |কি কথা ?

–তাইৰ হেনো আমাৰ ইয়াত নতুনকৈ অহা ডাক্তৰ জনৰ লগত “কোৰ্ট মেৰেজ’ কৰি থৈছে |

–হবও পাৰে |একো ডাঙৰ কথা নহয় |আজিকালি প্ৰায়ে ডাক্তৰৰ নতুন এল্টো খন কাকলিহতৰ পদূলিত দেখো |

বিদ্যুতৰ বাইক খন বেয়া |বজাৰৰ পৰা যাওতে সি বিনয়ৰ বাইকতে উঠি গল |বিনয়ৰমুখত বিদ্যুতেও তাৰ এসময়ৰ প্ৰেমিকা কাকলিৰ “কোৰ্ট মেৰেজ”ৰ কথা শুনিলে |

ৰাতি বিদ্যুতৰ বাইক খন খুজি বিভুতিয়ে তাক ফোন কৰিলে |হেল্ল’ বুলি কোৱা মাত্ৰই ফোনৰ সিটোমুৰত বি্দ্যুতে বিভুতিক সুধিছে

–আৰে,গাওৰ হট নিউজ গম পোৱা নে নাই ?

–কি ?মই দেখোন একো শুনা নাই |মই পিছে যোৱাকালিয়ে গুৱাহাটী গৈছিলো |আজি সন্ধিয়াহে পাইছো

–আমাৰ গাওৰ ডাক্তৰৰ লগত মাষ্টৰৰ জীয়েক কাকলিৰ বিয়া ঠিক হৈছে|

–কি কোৱা ?কেতিয়া ?

–তাৰিখতো গম পোৱা নাই |

–তই আকৌ ইমান ভিতৰৰ খবৰ কত শুনিলি ?

— বজাৰৰ পৰা আহি থাকোতে বিনয়ে কলে |সি হেনো বিপুলৰ মুখত শুনিছে |

বিপুলৰ মুখত শুনা বুলি কোৱা কাৰনে কথাটো বিভুতিয়ে বেছি ছিৰিয়াছকৈ নললে |কাৰন সন্ধিয়া বিহু প্ৰেকটিছত যাওতে,কাকলিৰ দেউতাকক মেঘদূতৰ সন্মুখত দেখাবুলিসিয়ে বিপুলক কৈছিল |