LNCrawler

কথোপকথন – ১৫

কথোপকথন — www.xahitya.org · All chapters

কথোপকথন – ১৫

কথোপকথন – ১৫

ණ ধীৰাজ কলিতা

— হুদ , জীয়েকৰ বিয়াত চেগুন গছৰ ফাৰ্নিছাৰ দিওতে কিবা আমাক সুধি দিছিল নে ? এতিয়া পাইছা নহয় মজাটো | দুদিন পিছত দেখিবি ঘৰত সোমাই চন্দন কাঠৰ পালেঙতে মুচুৰি থৈ আহিছে | বিভুতিয়ে মুখৰ ভিতৰতে ভোৰভোৰাই , ৫ বেটেৰী টৰ্চটো সোঁহাতেৰে বাওঁহাতৰ তলুৱাত কোবাইছে , কিজানিবা জ্বলেই | বিভুতিয়ে তিতা মাতেৰে আকৌ চিঞৰিছে — ওলা কাকতি , গাত কম্বল লৈ হিন্দী চিৰিয়েল চাই থাকিবলৈ চৰকাৰে পইচা দিয়া নাই | মদন কাকতিয়ে চাই থকা চিৰিয়েল খনৰ ভলিউমটো কমাই দি একে জাপে চোফাৰ পৰা নামিলে |

— কি হ’ল নো বিভুতি দা ? এই ৰাতিখন কাৰ ওপৰত ইমানকৈ খং ?

— কিয় , ফোনটো বাজি উঠা শুনা নাছিলি হ’বলা ? মৌজাদাৰে ফোন কৰিছিল | ৰংপুৰ গাঁওত হাতী সোমাইছে বোলে |

— আমি কি কৰিব লাগে ? ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ | মই যোৱাত নাই দেই , ফোন কৰি এনেই কৈ দিয়ক আমি অইন ফালে আহিছো ডিউটিত | এটা টৰ্চ আৰু মামৰে ধৰা দুটা বন্দুকেৰে হাতী খেদিব ওলাইছে ? আপোনাৰ মুৰটোত মগজ বোলা কিবা আছে নে নাই ?

— মগজ আছে কাৰনেইতো কৈছো | অফিচৰ ফোনত ফোন ৰিচিভ কৰি , কেনেকে কও আমি অফিচত নাই বুলি | মুৰটোত মগজ বোলা কিবা আছে নে নাই ?

— ঠিক আছে , ব’লক তেন্তে | মই কিন্তু গাঁওৰ একেবাৰে মাজলৈ যাবলৈ নাই | গনেশ বাবা নিজে গুচি যাব | এইহেন হাতীৰ জাকক আপুনি একো কৰিব নোৱাৰে | যাওঁ বুলিলে ৰাতি পুৱালৈ নিজে নিজে যাব , নাযাওঁ বুলিলে সিহতৰ গাৰ নোম এডাল ও লৰাব নোৱাৰে |

— কথাটো হওতে হয় | আমিনো কৰিম কি ? গাঁওৰ দুখীয়া মানুহখিনিক লৈও বেয়া লাগে , হাতীবোৰক লৈ ও বেয়া লাগে | ক’তনো থাকিব সিহত ?

— নিজৰ থাকিব ঠাই নাই বুলি আনৰ ঘৰ ভাঙিব , এইটো কিবা কথা হ’লনে ? কথা পাতি পাতি মদন আৰু বিভুতি হাতত টৰ্চ লৈ ওলাই গল | গাঁওত ফৰেষ্ট অফিচৰ নতুনকৈ শাখা এটা খুলিছে | ৰাতিৰ ডিউতিত মদন আৰু বিভুতি | আহিব আহিব বুলি নতুন কৰ্মচাৰী অহায়ে নাই | স্কুলঘৰৰ সন্মুখৰ কালভাৰ্টটোত বহি বহিয়ে দুয়োজনে বহু সময় কটালে | মাজে মাজে হাতীৰ খোজৰ শব্দ শুনিবলৈ কান থিয় কৰি দিয়ে | ফোনে ফোনে যোগাযোগ কৰি বুকুত মৰসাহ বান্ধি শেষ ৰাতি গাওৰ মানুহ ওলাই আহিল | হাতত খালী টিং , জুইৰ শিখা লৈ হাতীজাকক নিজৰ গাঁওৰ পৰা খেদি লৈ গৈ থাকিল | কাৰো একো অনিষ্ট নকৰাকৈ গাড়ী যোৱা মুল ৰাস্তাৰেই গাওৰ মাজেৰে ৫ জনীয়া হাতীৰ দলটো আগবাঢ়িল | ৰংপুৰ গাঁওৰ ৰাইজে নিজৰ গাওৰ পৰা আতৰাই পঠিয়ালে আনখন গাঁওলৈ | সেইখন গাঁওৰ মানুহে আকৌ চিঞৰ বাখৰ , জাঠি – জোং লৈ খেদি পঠিয়ালে ওচৰৰ গাঁওখনলৈ | দুদিনমানলৈ এই পৰ্ব চলি থাকিল | দুদিন পিছত বিভুতিহঁতৰ অফিচত খবৰ আহিল | হাতীৰ জাকটো আকৌ উভতি আহিব লৈছে , এইবাৰ আগতকৈ ভয়ংকৰ ৰূপ লৈ | ৰংপুৰ গাওৰ পৰা ৫০ কি . মি আতৰৰ নৈ খনলৈ খেদি থৈ আহিছিল যদিও একো লাভ নহল | পিছে ভৰা নদী খন পাৰ হবলৈ জাকটোৱে সাহস নকৰিলে | নদীখন পাৰ হ’লেওতো একেই ৰংপুৰৰ দৰে আন এখন গাঁওৱেই পাব | হাতীবোৰ যাব ক’লৈ ? সিহঁতৰ দেখোন একো ঠিকনাই নাই |