LNCrawler

শিক্ষকতা জীৱনৰ কিছু অনুভৱ-১৩

শিক্ষকতা জীৱনৰ কিছু অনুভৱ — www.xahitya.org · All chapters

শিক্ষকতা জীৱনৰ কিছু অনুভৱ-১৩

শিক্ষকতা জীৱনৰ কিছু অনুভৱ – ১৩ “ আচাৰ্যৰ সন্তান হোৱাৰ বাবে”

ණ নিবেদিতা বৰি

( ১ )

পলাশ , মদাৰ , শিমলুৱে ফাকুগুৰি ছটিয়াই আমন্ত্ৰন জনায় ফাগুনক … আহে ৰঙৰ উৎসৱ ফাকুৱা। শিৱানীৰ সন্তান ধুনৰ বয়স তেতিয়া ৮ বছৰ , তৃতীয় শ্ৰেণীৰ ছাত্ৰ। শিৱানীয়ে শৈশৱতে ফাকুৱা খেলি উন্মনা হৈ ডাঙৰ হোৱা , এতিয়াও ফাকুৱাৰ দিনা তাই শৈশৱৰ লগৰ লগৰীয়াৰ লগত ফাকুৱা খেলা দিনবোৰলৈ উভতি যায়। সেইদিনা ধুনকো পুৱাই হাতত ফিচকাৰি এটা দি ফাকুৱা খেলিবলৈ পঠালে তাই। শিৱানীহঁত থকা চুবুৰীটোৰ কণ কণ ল’ৰা – ছোৱালীবোৰে ফাকুৱাৰ দিনা ফাকুগুড়িৰে নিজকে চিনিব নোৱাৰা ৰূপ লৈ ফাকুৱা উৎসৱৰ সোৱাদ লয়। তাই ধুনক খেলিবলৈ পঠিয়াই খিৰিকীৰে মন কৰি থাকিল , কিন্তু তাই দেখিলে যে সিহঁতে কব নোৱাৰা হৈ ফাকু খেলিছে যদিও ধুনৰ ওচৰ পালেই ইটোৱে সিটোক হুচিয়াৰ কৰি দিয়ে—“ঐ ধুনক লেতেৰাকে ফাকু নলগাবি , মাকে পিটিব”। কাকুৱেতো ধুনৰ বডিগাৰ্ডৰ দৰে থাকে – আচাৰ্যাৰ ল’ৰা , ফাকু নলগাবি। সিহঁতৰ ফাকু খেলা দৃশ্য আৰু লগতে ধুনে বাৰে বাৰে ফাকুৱা লগোৱাৰ ক্ষেত্ৰত বঞ্চিত হোৱা দৃশ্যই শিৱানীৰ মনটো সেমেকাই পেলালে কাৰণ তাইৰ চাবলৈ বৰ হেঁপাহ আছিল ধুনক ফাকুৱাৰে চিনিব নোৱাৰা কৰি দিয়ক কিন্তু ফাকুৱা খেলা শেষ হ’ল ধুনৰ মাত্ৰ গালত আৰু কপালতহে লাগিল সাৱধানেৰে লগোৱা ফাকুৱাৰ ৰঙ আৰু চোলাত পৰিল দুটামান হাতৰ চাপ। এনেকৈয়ে প্ৰতি বছৰে শিৱানীয়ে ধুনক ফাকুৱা খেলিবলৈ পঠাই যদিও একেই সমস্যাৰ মুখামুখি হ’ব লগা হয়—“মাষ্টৰনীৰ ল’ৰা , বেছি নলগাবি” আৰু তাক সকলোৱে সাৱধানেৰে ফাকু ঘঁহে।

( ২ )

লিপিকা আচাৰ্যাৰ ল’ৰা বৈভৱ বৰ শান্ত ল’ৰা যদিও এদিন শ্ৰেণীত ঋতু বোলা লগৰ ল’ৰাজনৰ লগত কিবা কাৰণত কাজিয়া লাগি বৈভৱে ঋতুক ঠেলা মাৰি দিয়াত চুক এটাত খুন্দা খাই ঋতুৰ কপালত এটা টেমুনা বান্ধিলে। প্ৰাথৰ্না সভাৰ পিছৰ ঘটনা আছিল সেইয়া। আচাৰ্য আহিলত প্ৰতিজন ছাত্ৰই সিহঁত দুটাৰ কাজিয়াৰ গোচৰ দিলে। আচাৰ্য জনে পিছে বিচাৰ নলৈ পোনে পোনে লিপিকা আচাৰ্যাক পুত্ৰৰ কাজিয়াৰ কথা অৱগত কৰিলে। পুতেকৰ গোচৰ শুনি মাকে খঙত একো নাই হৈ পুতেকৰ মুখলৈ নোচোৱাকৈ তাক উধাই মুধাই পিটিলে। “লগৰ ল’ৰাৰ লগত কাজিয়া কৰি মোৰ নাক – কাণ কাটিলি …., তোৰ পৰা মই কেতিয়াও ভাল খবৰ এটা নাপাওঁ …” – এইবুলি মুখত যি আহে তাকে বকি বকি পুতেকক পিটিয়েই থাকিল ।অৱশেষত সঞ্জয় আচাৰ্যই বৈভৱক আঁতৰাই অনাতহে বৈভৱ মাকৰ মাৰৰ পৰা ৰক্ষা পৰিল। পিটন খাই বৈভৱৰ ভৰিৰ কলাফুল সেৰা – সেৰ হ’ল। স্কুলত এটা দুখলগা ঘটনা হৈ গ’ল। শিৱানীৰ কিন্তু শ্ৰেণী আচাৰ্যৰ ওপৰতহে খঙ উঠিল কাৰণ তেখেতে শ্ৰেণীতেই সেই ঘটনাৰ বিচাৰ কৰি দুখীক শাস্তি দিব লাগিছিল। আচাৰ্য সকলৰ সন্তান নিকেতনত পঢ়িবলৈ আহিছে বুলিয়েই বেলেগ ভাৱত লোৱা উচিতটো নহয় !!